ধিঙৰ ধূপগুৰিৰ গাঁও প্ৰধানক আক্ৰমণ কৰে ভূ- মাফিয়া


ধিঙৰ ধূপগুৰিৰ গাঁও প্ৰধানক আক্ৰমণ কৰে ভূ- মাফিয়া।


নগাঁও জিলাৰ ধিঙৰ ধূপগুৰি চৰকাৰী গাওঁ প্ৰধানৰ ওপৰত ভূ মাফিয়াৰ চুৰিকাঘাট।


চৰকাৰী ভূমি খন্দাত বাধা প্ৰদান কৰা বাবেই গাওঁ প্ৰধান আনুৱাৰ হুছেইনক বাট আগুচি ধৰি চুৰিৰে আঘাত কৰে ছহিদুল্লা নামৰ এজন যুৱকে ।


বৰ্তমানে আহত গাওঁ প্ৰধান আনোৱাৰ হুছেইন আৰু আন এজন লোক ধিং এফ আৰ ইউ হস্পিতেলত চিকিৎসাধীন হৈ আছে ।


গাঁও প্ৰধান আনোৱাৰ হুছেইনে অভিযোগ উত্থাপিত কৰে যে, চহৰীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আতাবুৰ ৰহমান নেতৃত্বত হৈছে এই ঘটনা।


আনহাতে মূল অভিযুক্ত ছহিদ উল্লাক ধিং আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *