২০২৪ৰ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হব বিশ্বৰ সৰ্বোচ্চ বীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২৪ চনৰ জানুৱাৰী মাহৰ ভিতৰত বিশ্বৰ সৰ্বোচ্চ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি সাজু হোৱাৰ সম্ভাৱনা আছে।

ইয়াত উল্লেখ কৰিব পাৰি যে যোৰহাট জিলাৰ হোলোঙাপাৰত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত আহোম ইতিহাসৰ সংগ্ৰহালয়ো থাকিব।

উল্লেখ্য যে আইকনিক প্রকল্পটোৰ নির্মাণৰ বাবে জনসাধাৰণৰ পৰা ৫০ বিঘা মাটি লোৱা হৈছে আৰু এতিয়ালৈকে প্রকল্পটোৰ ১২ শতাংশ কাম সম্পূর্ণ হৈছে৷

ইয়াৰ পূৰ্বে ২০২২ চনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰে যোৰহাটৰ হলঙাপাৰত লাচিত বৰফুকনৰ স্মৃতিসৌধত ১২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

১২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্ৰতিমূৰ্তি যিটো বীৰত্বই ৰাজ্যখন মোগলৰ হাতত পৰাৰ পৰা ৰক্ষা কৰা কিংবদন্তি সেনাপতি গৰাকীৰ প্ৰতি অসমৰ গৌৰৱময় শ্ৰদ্ধাঞ্জলি বুলি কোৱা হয়।

অসম চৰকাৰে লাচিত বৰফুকনম লৈ এখন তথ্যচিত্ৰও মুকলি কৰিছে।

২০২২ চনৰ নৱেম্বৰ মাহত হিমন্ত বিশ্ব শৰ্মাই ২৪ নৱেম্বৰত লাচিত দিৱস উপলক্ষে ৰাজ্যবাসীক ঘৰত চাকি জ্বলাবলৈ আহ্বান জনাইছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *