সমগ্ৰ দেশ তথা বেংগালুৰু চহৰৰ টিভিএছ আপাচিৰ মালিক(অওনাৰ)সকলে টিভিএছ আপাচি ৰেচিং এক্সপিৰিয়েঞ্চ (এআৰই) জিপি চেম্পিয়নশ্বিপত নিজৰ ৰাইডিং দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ৰেচিঙক সুলভ কৰি তোলা আৰু মেচিনসমূহৰ ৰেচিং সক্ষমতাক এক ৰোমাঞ্চকৰ আৰু সুৰক্ষিত পৰিৱেশত প্ৰদৰ্শন কৰা।
এই চেম্পিয়নশ্বিপত গ্ৰাহকসকলে প্ৰতিখন চহৰৰ শীৰ্ষ ৩জন ৰাইডাৰৰ সৈতে ট্ৰেকত ৰেচিং অভিজ্ঞতা লাভ কৰাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ সহায়ত চূড়ান্ত ৰাউণ্ডত টিভিএছ ৱান মেক চেম্পিয়নশ্বিপ ৰেচ-স্পেক মটৰ চাইকেলত ৰেচিং কৰিব পাৰিব। প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ড বদোদৰা (১৫ জুলাই), চুৰাট (১৬ জুলাই) আৰু হায়দৰাবাদ (১৬ জুলাই)ত অনুষ্ঠিত হ’ব।
এই চেম্পিয়নশ্বিপ ২০০৭ চনত আৰম্ভ হৈছিল। টিভিএছ আপাচি ৰেচিং এক্সপিৰিয়েঞ্চ(এআৰই)ৰ সম্প্ৰসাৰণ। প্ৰথম ছিজনত ভাৰতৰ ২০খন চহৰৰ ১০০০ৰো অধিক গ্ৰাহকক জড়িত কৰোৱা হ’ব। য’ত তিনিটা কেটেগৰীত ট্ৰেক ৰেচিং প্ৰদৰ্শন কৰা হ’ব। টিভিএছ ৰেচিঙে প্ৰতিভাক প্ৰতিপালন কৰাৰ লগতে অনুৰাগীসকলৰ বাবে এক সুৰক্ষিত আৰু নিয়ন্ত্ৰিত ৰেচিং অভিজ্ঞতা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অনুষ্ঠানটোৰ বিষয়ে সদৰি কৰি টিভিএছ মটৰ কোম্পানীটোৰ বিজনেছ – প্ৰিমিয়ামৰ হেড বিমল ছাম্বলিয়ে কয় যে “ এই চেম্পিয়নশ্বিপৰ জৰিয়তে আমাৰ গ্ৰাহকসকলক টিভিএছ আপাচি ব্ৰেণ্ডৰ সৈতে সম্পৰ্কিত হ’লে বৰ্ধিত অভিজ্ঞতাৰ বাবে অনন্য সুযোগ প্ৰদান কৰি নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ আমি আত্মবিশ্বাসী।”