ঝাৰখণ্ডত আত্মহত্যা অসমৰ চিআৰপিএফ জোৱানৰ…

তেজপুৰৰ নিৱাসী এগৰাকী চিআৰপিএফ জোৱানে সোমবাৰে ঝাৰখণ্ডত আত্মহত্যা কৰাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।

খবৰ অনুসৰি পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা।

ঝাৰখণ্ডৰ চিয়ানকীস্থিত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ৰ ১১২ নং বেটেলিয়নত সংঘটিত হয় এই ঘটনা।

মৃত জোৱানজন তেজপুৰৰ পিঠাখোৱাৰ প্ৰাঞ্জল নাথ বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি প্ৰাঞ্জল নাথে নিজৰ অফিচত চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে।

আত্মহত্যাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই। বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *