চলন্ত ৰে’লত মোবাইল কাঢ়ি নিয়াৰ চেষ্টাৰ বলি এগৰাকী যুৱতী। দুজন চোৰে তেওঁৰ ফোনটো কাঢ়ি নিবলৈ চেষ্টা কৰাত তেওঁ ৰেলৰ পৰা বাগৰি পৰে। প্ৰায় এসপ্তাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি শনিবাৰে তাতেই তেওঁৰ মৃত্যু হয়। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে চেন্নাইত।
জানিব পৰা মতে, ৰেলৰ পৰা পৰি ২২ বছৰীয়া এছ প্ৰীতিৰ মূৰৰ লগতে শৰীৰৰ অন্যান্য অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ততাতৈয়াকৈ তেওঁক এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতেই তেওঁ চিকিৎসাধীন হৈ আছিল। কিন্তু লাহে লাহে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে। অৱশেষত শনিবাৰে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
আৰক্ষীয়ে জনোৱা মতে, প্ৰীতি ৰে’লৰ দুৱাৰৰ ওচৰত থিয় হৈ ফোনত কথা পাতি আছিল। ইন্দিৰা নগৰ ষ্টেচনৰ পৰা ৰেলখন ওলাই যোৱাৰ সময়তে ডকাইতৰ দলটোৱে তেওঁৰ ওপৰত জপিয়াই ফোনটো কাঢ়ি লৈ যায়। প্ৰীতিয়ে বাধা দিয়ে। সংঘৰ্ষ চম্ভালিব নোৱাৰাকৈয়ে প্লেটফৰ্মত বাগৰি পৰে। কিন্তু অভিযুক্তই ফোনটো লৈ পলায়ন কৰে।
কিন্তু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। এজন ব্যক্তিক ফোনটো বিক্ৰী কৰি দিয়ে। আৰক্ষীয়ে ফোনটোৰ চিম ট্ৰেক কৰি উদ্ধাৰ কৰে। সেই ভিত্তিতে অভিযুক্তক উদ্ধাৰ কৰা হয়।