উইম্বলডনৰ দ্বিতীয় ৰাউণ্ডত চুয়াটেক-মেদভেদেভৰ জয়

উইম্বলডন টেনিছ টুৰ্ণামেণ্টৰ দ্বিতীয় ৰাউণ্ডত কালি নিশা শীৰ্ষ স্থানপ্ৰাপ্ত ইগা চুয়াটেকে পোনপটীয়া ছেটত বিজয়ী হয়, আনহাতে তৃতীয় স্থানৰ দানিল মেদভেদেভেও পুৰুষৰ ছিংগলছত পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। পোলেণ্ডৰ চুয়াটেকে স্পেইনৰ ছাৰাহ ছৰিবোছ টৰ্মোক ৬-২, ৬-০ ব্যৱধানত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ৰাছিয়াৰ তৃতীয় স্থানৰ মেদভেদেভে প্ৰথম ৰাউণ্ডত ব্ৰিটেইনৰ ২০ বছৰীয়া আৰ্থাৰ ফেৰীক পোনপটীয়া ছেটত ৭-৫, ৬-৪, ৬-৩ ব্যৱধানত পৰাস্ত কৰে। আমেৰিকান টেইলৰ ফ্ৰিটজ আৰু ফ্ৰান্সেছ টিয়াফোৱেও জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়। নৱম স্থানৰ ফ্ৰিটজে এটা ছেটত পিছ পৰি শক্তিশালী প্ৰত্যাৱৰ্তন কৰি জাৰ্মানীৰ য়ানিক হেনফমানক ৬-৪, ২-৬, ৪-৬, ৭-৫, ৬-৩ ব্যৱধানত পৰাস্ত কৰে, আনহাতে টিয়াফোৱে ইবিং উক পোনপটীয়া ছেটত পৰাস্ত কৰে।।উইম্বলডনৰ তৃতীয় দিনা বৰষুণৰ বাবে দুবাৰকৈ খেল বন্ধ কৰিব লগা হৈছিল। মুখ্য ষ্টেডিয়ামতো, বতৰৰ বাবে খেলবোৰ বন্ধ কৰা হৈছিল। পৰিৱেশ কৰ্মীসকলেও প্ৰতিযোগিতাত ব্যাঘাত জন্মাইছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *