শোকাবহ! জনপ্ৰিয় অভিনেতা বিজয় শংকৰ বৰুৱাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

জনপ্ৰিয় অভিনেতা তথা নাট্যশিল্পী বিজয় শংকৰ শইকীয়া আৰু নাই। বৃহস্পতিবাৰে নিশা তেজপুৰৰ নিজা বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৯ বছৰ।

তেওঁ কেইবাখনো অসমীয়া চিনেমা আৰু দৈনিক ধাৰাবাহিকত অভিনয় কৰি জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল। অভিনেতাগৰাকীয়ে কেইবাখনো নাটকতো বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল। তেখেতে কেইবাখনো নাটক পৰিচালনাও কৰিছিল।

শেহতীয়া অসমীয়া চিনেমা ‘ডাক্তৰ বেজবৰুৱা -২’ত তেওঁ অভিনয় কৰাৰ লগতে তেজপুৰস্থিত সাংস্কৃতিক গোট ‘নৈক্ষত্ৰ’ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল শইকীয়া।

প্ৰবীণ অসমীয়া অভিনেতা, নাট্যকাৰ উদয় শংকৰ শইকীয়াৰ পুত্ৰ বিজয় শংকৰ শইকীয়াৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে নাট্যপ্ৰেমীক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *