টি কে এম-এ ডন বস্কো টেকনিকেল স্কুল শ্বিলঙত স্থাপন টি-টিইপি প্ৰতিষ্ঠান

টয়োটা কিৰ্লোস্কাৰ মটৰে অটোমোটিভ স্কিল ডেভেলপমেণ্ট কাউন্সিলৰ সহযোগত শ্বিলঙৰ ডন বস্কো টেকনিকেল স্কুলত ৬৩ সংখ্যক টয়োটা টেকনিকেল এডুকেচন প্ৰগ্ৰেম (টি-টিইপি) প্ৰতিষ্ঠান মুকলি কৰিছে আৰু এইটো হৈছে এনে বিষয়ক লৈ প্ৰতিষ্ঠা কৰা মেঘালয়ৰ প্ৰথমটো প্ৰতিষ্ঠান। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ই পদক্ষেপৰ লক্ষ্য হৈছে বিশেষভাৱে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধি কৰা আৰু টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী (টি-টিইপি)ৰ জৰিয়তে শিক্ষাৰ্থীৰ নিয়োগযোগ্যতা শক্তিশালী কৰা। টি-টিইপিৰ লক্ষ্য হৈছে অটোমোবাইল উদ্যোগত দক্ষ পেছাদাৰী লোক সৃষ্টিৰ জৰিয়তে ভাৰতৰ “স্কিল ইণ্ডিয়া” অভিযানলৈ অৰিহণা যোগোৱা। টিকেএমই ভাৰতৰ ২৬খন ৰাজ্যৰ ৬৩টা আইটিআই/ডিপ্লোমা প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত, ১২,০০০ৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰ প্ৰায় ৭০% ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে দেশৰ বিভিন্ন কোম্পানী আৰু ডিলাৰশ্বিপত কাম কৰি আছে।

এই অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ কেবিনেট মন্ত্ৰী ড০ মাজেল আম্পাৰেন লিংডো, টিকেএমৰ ভাৰতৰ মুৰব্বী তথা কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাতি, মেঘালয়ৰ ৰাজ্যিক পদক্ষেপ আৰু সামৰ্থ্য বিকাশৰ দায়িত্বত থকা ফ্ৰ আৰ্কাডিয়াছ পুৱেইন,অৰুণ লাৱনিয়া আৰু অম্বৰীশ দাস তথা কেটিএমৰ জ্যেষ্ঠ কাৰ্যবাহী তথা কৰ্মচাৰীসকল।

অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি মেঘালয় চৰকাৰৰ আইন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি আৰু কৃষক কল্যাণ বিভাগৰ কেবিনেট মন্ত্ৰী ড০ মাজেল আম্পাৰেন লিংডোৱে কয় যে, “উচ্চ-দক্ষতাসম্পন্ন, নিয়োগযোগ্য আৰু ভৱিষ্যতৰ বাবে সাজু যুৱক-যুৱতীক বিকশিত কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত দূৰ-দিগন্তলৈ প্ৰভাৱ বিস্তাৰ কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *