উইম্বলডন টেনিছৰ দ্বিতীয় ৰাউণ্ডত কাৰ্লোছ আলকুৱেৰাজ

বিশ্বৰ শীৰ্ষ নম্বৰৰ কাৰ্লোছ আলকুৱেৰাজে মঙলবাৰে নিশা ইয়াত পোনপটীয়া ছেটত জয়লাভ কৰি উইম্বলডন টেনিছ টুৰ্ণামেণ্টৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়। স্পেইনৰ এইগৰাকী তাৰকাই ফ্ৰান্সৰ জেৰেমি চাৰ্ডিৰ বিৰুদ্ধে ৬-০, ৬-২, ৭-৫ ব্যৱধানত পৰাস্ত কৰি জয়ৰে অভিযান আৰম্ভ কৰে। অলকাৰাজে তৃতীয়বাৰৰ বাবে উইম্বলডনত অংশগ্ৰহণ কৰিছে। তেওঁ পূৰ্বে অল ইংলেণ্ড ক্লাবত চতুৰ্থ ৰাউণ্ডতকৈ কেতিয়াও আগবাঢ়িব পৰা নাছিল, কিন্তু এইবাৰ তেওঁক এই গ্ৰাছকোৰ্ট গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্টত ন’ভাক জক’ভিচৰ অষ্টম খিতাপৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হিচাপে গণ্য কৰা হয়। সাতবাৰৰ চেম্পিয়ন জক’ভিচে সোমবাৰে বৰষুণ প্ৰভাৱিত এখন খেলত পেড্ৰো কাচিনক ৬-৩, ৬-৩, ৭-৬ (৪)ত পৰাস্ত কৰে।
ইফালে, মহিলা শাখাত বেয়া স্বাস্থ্যৰ বাবে যোৱা সপ্তাহত ইষ্টবোৰ্ণ ইণ্টাৰনেচনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰা এলিনা ৰাইবাকিনাই প্ৰথম ছেটটো হেৰুৱাই নিজৰ ছাৰ্ভ উন্নত কৰে আৰু চেলবি ৰজাৰ্ছক ৪-৬, ৬-১, ৬-২ ব্যৱধানত পৰাস্ত কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *