ভাৰতৰ গ’লকীপাৰ গুৰপ্ৰীত সিং সান্ধুৱে ডাইভিং কৰি শ্বুটআউটত নিৰ্ণায়ক পেনাল্টি ৰক্ষা কৰি কুৱেইটৰ বিৰুদ্ধে ভাৰতে মঙলবাৰে নিশা ৫-৪ গ’লৰ ব্যৱধানত জয় কৰি নৱমবাৰৰ বাবে চেফ ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অর্জন কৰে। দুয়োটা দলৰ ১২০ মিনিটলৈ ১-১ গ’ল হয়। আনকি পাঁচ ৰাউণ্ডৰ পেনাল্টি শ্বুটআউটৰ পাছতো স্ক’ৰ আছিল ৪-৪। যাৰ পিছত চাডেন ডেথৰ সিদ্ধান্ত লোৱা হয়। মহেশ নৰেমে স্ক’ৰটো অৰ্জন কৰে আৰু ভাৰতৰ গ’লৰক্ষক গুৰপ্ৰীত সান্ধুৱে খালিদ হাজিয়াৰ শ্বট ডাইভিং কৰি ৰক্ষা কৰে আৰু দলটোক বিজয় প্ৰদান কৰে। নিৰ্ধাৰিত সময়ৰ ভিতৰতে শ্বিবিব আল খালিদীয়ে ১৪ মিনিটত কুৱেইটক অগ্ৰগতি প্ৰদান কৰে আনহাতে ৩৯ মিনিটত লালিয়াঞ্জুৱালা চাংটে ভাৰতৰ হৈ সমাসংখ্যক গ’ল কৰে। ডিফেণ্ডিং চেম্পিয়ন ভাৰত আৰু কুৱেটেও অন্তিমখন গ্ৰুপ মেচ ১-১ৰে ড্ৰ খেলিছিল। ভাৰতে দ্বিতীয়বাৰৰ বাবে পেনাল্টি শ্বুটআউটত জয়ী হৈছে। ইয়াৰ পূৰ্বে ১ জুলাইত অনুষ্ঠিত হোৱা ছেমি ফাইনেলত লেবাননকো পেনাল্টি শ্বুটআউটত ৪-২ গ’লত পৰাজিত কৰিছিল। সেই খেলখনত, সান্ধুৱে শ্বুটআউটত সুন্দৰ প্ৰদৰ্শন কৰিছিল। ভাৰতৰ হৈ অধিনায়ক সুনীল ছেত্ৰী, সান্দেশ ঝিংগন, সুভাষীশ বসু, চাংটে আৰু মহেশে গ’ল কৰে।
চেফ ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ
