৫০,০০০ বিক্ৰীৰ মাইলৰ খুঁটি অৰ্জনৰ উদযাপন কৰিছে নেক্সন ইভিয়ে

দেশৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা আৰু ভাৰতত ইভি বিৱৰ্তনৰ অগ্ৰদূত টাটা মটৰ্ছে আজি ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা ইভি নেক্সন ইভিৰ বাবে ৫০ হাজাৰ বিক্ৰী অতিক্ৰম কৰাৰ কথা ঘোষণা কৰিছে। যোৱা ২০২০ চনত মুকলি কৰা  নেক্সন ইভিয়ে ঘৰতে প্ৰত্যক্ষ ই ভি অভিজ্ঞতা প্ৰদান কৰি ভাৰতীয় বৈদ্যুতিক বাহনৰ বজাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। বৈদ্যুতিক গতিশীলতাক গ্ৰহণ কৰাৰ প্ৰতিবন্ধকতাসমূহ নোহোৱা কৰি ভাৰতৰ এই যাত্ৰাত নতুন দিগন্তৰ সূচনা কৰিছিল।

উল্লেখ্য যে, নেক্সন ইভি ভাৰতৰ ৫০০খন চহৰত বিক্ৰী কৰা হয় আৰু ই ৯০০ মিলিয়ন কিলোমিটাৰৰো অধিক গতিপথত যাত্ৰা কৰিছে। ইয়াৰ লগে লগে ৫০ হাজাৰ শক্তিশালী সম্প্ৰদায়ৰ সংযোগে আত্মবিশ্বাস সদম্ভে ঘোষণা কৰিছে। ভাৰতত বৈদ্যুতিক বাহনক মানুহে আদৰণি জনোৱাৰ হাৰ ২১ বিত্তীয় বৰ্ষৰ পৰা ২৩ বিত্তীয় বৰ্ষৰ ভিতৰত ১৫০০% বৃদ্ধি পাইছে। ইতিমধ্যে নেক্সন ইভিয়ে ২৫টা অভিলেখ ভংগ কৰিছে। ৯৫ মিনিটত ‘দ্ৰুততম’ কাশ্মীৰৰ পৰা কন্যাকুমাৰীক সামৰি ৩০০+কিলোমিটাৰ ৰেঞ্জ প্ৰাপ্ত কৰিছে।  এই মাইলষ্টনৰ বিষয়ে টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মোবিলিটি লিমিটেডৰ মাৰ্কেটিং, চেলছ এণ্ড চাৰ্ভিচ ষ্ট্ৰেটেজীৰ মুৰব্বী বিবেক শ্ৰীবৎসাই কয় যে, “আমি আগতীয়াকৈ গ্ৰহণ কৰাসকলক ধন্যবাদ জনাইছোঁ, যিসকলে নেক্সন ইভিৰ প্ৰতিশ্ৰুতিত বিশ্বাস কৰিছিল।

পাছলৈ এি সঁহাৰিয়ে ই ভি পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত সহায় কৰিছিল আৰু বৰ্তমানৰ পৰ্যায়লৈ আহিবলৈ সহায় কৰিছিল। আমি আশা কৰোঁ যে আৰু অধিক লোকে ইভিৰ সম্ভাৱনাক অনুভৱ কৰিব আৰু বৈদ্যুতিক জগতলৈ ৰূপান্তৰিত হ’ব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *