টাটা এআইএ-য়ে শুভাৰম্ভ কৰিছে হোৱাটছএপ আৰু ইউপিআইৰ জৰিয়তে ডিজিটেল প্ৰিমিয়াম পেমেণ্টৰ ব্যৱস্থা

টাটা এ আই এ লাইফ ইনশ্বুৰেন্সে (টাটা এ আই এ) হোৱাটছএপ আৰু ইউনিফাইড পেমেণ্ট ইণ্টাৰফেছৰ জৰিয়তে কনজিউমাৰ অব্ছেছন বা ‘উপভোক্তা আবেশ’ৰ গুৰুত্ব শক্তিশালী বা সুলভ কৰি তুলিবলৈ ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। এই উদ্যোগখণ্ডৰ প্ৰথম বৈশিষ্ট্য(ফাৰ্ষ্ট ফিচাৰ)ই হোৱাটছএপ আৰু ইউপিআইৰ সহায়ত পেমেণ্ট বিকল্পৰ জৰিয়তে তৎক্ষণাত প্ৰিমিয়াম পৰিশোধৰ সুবিধা প্ৰদান কৰে।

 ভাৰতত হোৱাটছএপ আৰু ইউপিআই ক্ৰমান্বয়ে ঘৰুৱা বাৰ্তা প্ৰেৰণ আৰু ধন পৰিশোধৰ বাবে সুবিধা বা বিকল্প হৈ পৰিছে। টাটা এআইএই ইয়াৰ ৫০০ মিলিয়ন হোৱাটছএপ আৰু ৩০০ মিলিয়ন ইউপিআই ব্যৱহাৰকাৰীক প্ৰিমিয়াম পৰিশোধৰ বিকল্প প্ৰদান কৰিছে, যিয়ে গ্ৰাহকৰ পছন্দৰ লেনদেনৰ ধৰণসমূহ পূৰণ কৰে। এই ব্যৱস্থাই টাটাৰ গ্ৰাহকসকলৰ বাবে সুবিধা আৰু সহজ ব্যৱহাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। উল্লেখ্য যে, সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বীমা উদ্যোগে নতুন পেমেণ্ট বিকল্পৰ ব্য়ৱস্থা কৰিছে, যাৰ ফলত সম্ভৱ হৈ উঠিছে ডিজিটেল প্ৰিমিয়াম পেমেণ্ট আৰু দ্ৰুত নিশ্চিতকৰণ আৰু স্বীকৃতি ।

এই বিচিত্ৰ আৰু নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াটোক প্ৰযুক্তি ব্যৱহাৰকাৰী আৰু নন-টেক-চেভি গ্ৰাহক উভয়ৰে বাবে উপলব্ধ, যিয়ে এটা অসুবিধাবিহীন প্ৰিমিয়াম পেমেণ্ট অভিজ্ঞতা প্ৰদান কৰে। ২০২৩ বিত্তীয় বৰ্ষত টাটা এআইএই  ব্যক্তিগত মৃত্যুৰ দাবী নিষ্পত্তি অনুপাত আৰু স্থায়িত্ব(পাৰ্ছিচটেঞ্চী) অনুপাত উন্নত কৰি স্থায়িত্বৰ গোটত শীৰ্ষস্থান দখল কৰিছে। এই বিষয়ে প্ৰকাশ কৰি টাটা এআইএৰ কাৰ্যবাহী উপ-সভাপতি তথা পৰিচালন বিভাগৰ মুৰব্বী সঞ্জয় অৰোৰাই কয় যে, ” হোৱাটছএপ আৰু পেই উৰ সহযোগত প্ৰস্তুত কৰা এই আভ্যন্তৰীণ বুদ্ধিমত্তাসম্পন্ন প্লেটফৰ্মৰ জৰিয়তে গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰাৰ লগতে লেনদেন সুলভ আৰু সহজ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *