বিশ্বৰ দুচকীয়া আৰু তিনিচকীয়া বাহন নিৰ্মাণখণ্ডৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠান টিভিএছ মটৰ কোম্পানীয়ে জনপ্ৰিয় টিভিএছ এক্সএল১০০ৰ বাবে এক আকৰ্ষণীয় মূল্যৰ ৰেঞ্জ আগবঢ়াইছে – কিক ষ্টাৰ্ট ভেৰিয়েণ্ট এতিয়া ৪৪,৯৯৯ (এক্স-শ্ব’ৰুম) টকাত উপলব্ধ। এই অফাৰে প্ৰতিফলিত কৰিছে কোম্পানীটোয়ে নিজৰ গ্ৰাহকসকলৰ সময়ৰ লগে লগে বৰ্ধিত প্ৰয়োজনীয়তাসমূহ চিনাক্ত কৰি স্বীকৃতি দিয়া আৰু গ্ৰাহকক সুলভ মূল্যৰ গতিশীলতা সমাধান প্ৰদানৰ প্ৰতিশ্ৰুতি।
ভাৰতীয় বজাৰৰ বাবে টিভিএছ মটৰ কোম্পানীয়ে মূল্য-চালিত গতিশীলতা সমাধান সৃষ্টি কৰাত মনোনিৱেশ কৰি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। টিভিএছ এক্সএল১০০ হেভি ডিউটিত আছে বিএছ-ভিআই ট্ৰেঞ্জিচনৰ সময়ত আপডেট কৰা ৯৯.৭চিচি চিংগল-চিলিণ্ডাৰ ফোৰ-ষ্ট্ৰ’ক ইঞ্জিন। ইয়াত ছিংগল স্পীড গিয়েৰবক্স থকাৰ লগতে ৬,০০০ আৰপিএমত ৪.৩ বিএইচপি আৰু ৩,৫০০ আৰপিএমত ৬.৫ এনএম উৎপাদন কৰে । ব্যতিক্ৰমী প্ৰদৰ্শন, শক্তিশালী নিৰ্মাণ মানদণ্ড আৰু ইন্ধন কাৰ্যক্ষমতাৰ বাবে ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত। টিভিএছ মটৰ কোম্পানীৰ সামগ্ৰীসমূহ চহৰৰ যাত্ৰী, গ্ৰাম্য ব্যৱহাৰকাৰী আৰু বাণিজ্যিক উদ্দেশ্যৰ বাবে ব্যৱহাৰকাৰীৰ বাবেও সৰ্বাধিক পছন্দৰ।
টিভিএছ এক্সএল১০০ ব্ৰেণ্ডে শক্তিশালী ইঞ্জিন আৰু নিৰ্ভৰযোগ্য ছাচপেন্সনৰ সৈতে মসৃণ, আৰামদায়ক যাত্ৰা প্ৰদান কৰে। ইয়াৰ সন্মুখৰ ডাঙৰ ফ্ল’ৰবৰ্ড আৰু পিছফালৰ লোড কেৰিয়াৰৰ সৈতে বহাৰ যথেষ্ট ক্ষমতাই সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে সুবিধাজনক কৰি তোলে। শেহতীয়া ইটিএফআই প্ৰযুক্তিয়ে প্ৰদান কৰে ১৫% অধিক মাইলেজ, যাৰ ফলত যথেষ্ট পৰিমাণে খৰচ ৰাহি বা সঞ্চয় হয়। টিভিএছ এক্সএল১০০-এ হেভি ডিউটি কিক ষ্টাৰ্ট, আই-টাচ, উইন এডিচন আৰু কমফৰ্ট ভেৰিয়েণ্ট(বিবিধ আৰামদায়ক সুবিধা) আগবঢ়াইছে, ন্যুনতম ডাউন পেমেণ্ট ফাইনেন্স আঁচনিবোৰ মাত্ৰ ২,৯৯৯/- টকাৰ পৰাই আৰম্ভ হৈছে।