বিচনাত সজাই থোৱা টকাৰ বাণ্ডিলৰ সৈতে পত্নী-পুত্ৰৰ চেল্ফি! বিপদত এগৰাকী আৰক্ষী…

বিচনাত সজাই থোৱা ৫০০ টকীয়া নোটৰ বাণ্ডিলৰ কাষতে বহি পৰিয়ালৰ সদস্যসকলে মুখত হাঁহি লৈ উঠা ফটো ভাইৰেল হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষীক লৈ আৰম্ভ হৈছে বিতৰ্কৰ। ইতিমধ্যে আৰক্ষী বিষয়াজনক বদলি কৰা হৈছে।

জানিব পৰা মতে আৰক্ষী জোৱানজনৰ নাম ৰমেশ চন্দ্ৰ সাহানী। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী জোৱানজনৰ পৰিয়ালৰ ফটো। দেখা যায় যে বিচনাখনত ৫০০ টকীয়া বহু বাণ্ডিল সজাই থোৱা আছে। প্ৰথমতে অনুমান কৰা মতে সেই বাণ্ডিলবোৰত প্ৰায় ১৪ লাখ টকা আছে। টকাৰ পাহাৰৰ সৈতে ৰমেশৰ পত্নী আৰু সন্তানে চেলফি তোলে। সেই ফটো নেট জগতত বিয়পি পৰে।

চেলফি পোহৰলৈ অহাৰ লগে লগে তৎপৰ হৈ পৰে উত্তৰ প্ৰদেশ আৰক্ষী। লগে লগে ৰমেশক বদলি কৰা হয়। তেওঁ উন্নাও ষ্টেচনৰ দায়িত্বত আছিল। এতিয়াৰ বাবে তেওঁক পুলিচ লাইনত পোষ্ট কৰা হৈছে। কিন্তু ৰমেশে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। তেওঁ দাবী কৰে যে ছবিখন ২০২১ চনত তোলা হৈছিল।

কিন্তু দুবছৰ আগতে ইমান টকা কেনেকৈ পালে? ৰমেশে দাবী কৰে যে সেই সময়ত তেওঁলোকৰ পৰিয়ালৰ কিছু সম্পত্তি বিক্ৰী হৈছিল। তাৰ পৰাই তেওঁৰ ওচৰলৈ বিপুল পৰিমাণৰ ধন আহে। সেই ধনেৰে তেওঁৰ পৰিয়ালে ২০২১ চনৰ ১৪ নৱেম্বৰত এখন ফটো তুলিছিল। অৱশ্যে এই চাফাই স্থায়ী নহ’ল। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *