কামৰুপ জিলাৰ ছয়গাঁৱত ধন দাবী কৰি গ্ৰেপ্তাৰ ভুৱা সাংবাদিক

নিজকে সাংবাদিক বুলি পৰিচয় কৰি বিভিন্ন পক্ষক ধন দাবী কৰাৰ অভিযোগত কামৰূপৰ ছয়গাঁৱত গ্ৰেপ্তাৰ এজন ভুৱা সাংবাদিকক।

আৰক্ষীয়ে অভিযান চলাই ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ডাঃ ফাৰুক আহমেদ ভূঞা নামৰ ভুৱা সাংবাদিকজনক।

অভিযোগ অনুসৰি, ‘লাইভ টিভি’ নামৰ এটা ভুৱা সংবাদ মাধ্যমৰ মুখ্য সম্পাদকৰূপে নিজকে পৰিচয় দি ফাৰুক আহমেদে বিভিন্ন পক্ষৰ পৰা ধন দাবী কৰি আহিছিল।

চমৰীয়া গাঁও পঞ্চায়ত সমবায়ৰ সম্পাদকে এই সন্দৰ্ভত ভুৱা সাংবাদিকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত অধিক জেৰা অব্যাহত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *