অসমৰ বানাক্রান্ত অঞ্চলত নিয়োগ প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্ধাৰকাৰী দল

দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বিগত প্ৰায় বাৰদিনৰো অধিক দিন ধৰি অসমকে ধৰি উত্তৰ পূবৰ সাতখন ৰাজ্যতে সকলো ঠাইতে কম – বেছি পৰিমাণে বৰষূণ হৈ আছে । আনকি অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া দেশ ভূটানৰ সংলগ্ন অঞ্চল সমূহত প্ৰৱল বৃষ্টিপাত হোৱাত ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ নামি অহা সকলো নৈ – উপনৈ ফেঁনে – ফেটেকাৰে ওফন্দি উঠাত তিনি চাৰিদিন ধৰি উত্তৰ অসম, বি টি আৰৰ চাৰিওখন জিলা , নলবাৰী আৰু বৰপেটা জিলাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । যাৰ বাবে অসম চৰকাৰ আৰু বানাক্ৰান্ত জিলা সমূহৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ ডি ডি এম এৰ আহ্বান মৰ্মে ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ পশ্চিম গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ দুটা বিশেষ প্ৰশিক্ষিত উদ্ধাৰকাৰী দল কালিয়ে নলবাৰী জিলা আৰু তামুলপুৰ মহকুমালৈ ৰাওনা হৈছে । প্ৰথম এন ডি আৰ এফ বাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি চাৰিখন নাও লৈ যোৱা দল দুটাই কালিৰে পৰা জিলা প্ৰশাসন আৰু এছ ডি আৰ এফৰ সহযোগত এই পৰ্যন্ত নলবাৰী জিলা আৰু তামুলপুৰ মহকুমাত বেছিকৈ বান প্ৰভাৱিত অঞ্চলত শিশু , মহিলাকে ধৰি শতাধিক লোকক নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে । বাহিনীটোৰ সূত্ৰই সদৰি কৰা অনুসৰি প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়কে ধৰি উত্তৰ পূবৰ চাৰিখন ৰাজ্যত বানপানী , ভূমিস্খলনকে ধৰি যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ বাবে ১৮ টা উচ্চ প্ৰশিক্ষিত বিশেষ উদ্ধাৰকাৰী দল অত্যাধুনিক সা – সজুলিসহ ২৪ ঘণ্টাই সাজু হৈ থাকে । এই ১৮ টা দলৰ ভিতৰত ১০ টা দল ডিমা হাছাওৰ উপৰিও কাছাৰ , ব্ৰহ্মপুত্ৰৰ নদীৰ গুৱাহাটীৰ উজানবজাৰঘাট যোৰহাট , বৰপেটা , নলবাৰী , বঙাইগাঁও , বাগচা জিলাত নিয়োগ কৰাৰ লগতে যিকোনো দুৰ্যোগৰ মোকাবিলা কৰাৰ বাবে সদা সষ্টম হৈ আছে । ইতিমধ্যে প্ৰথম এন ডি আৰ এফৰ কমাডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে মুখ্য কাৰ্যালয়ৰ পৰা ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে বাহিনীটোৰ ফালৰ পৰা চলি থকা উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *