পৰিণাম ভয়ংকৰ হ’ব পাৰে ৭ ভাৰতীয় কফ চিৰাপৰ সেৱন! তদন্তৰ নিৰ্দেশ WHOৰ

এতিয়া ভাৰতত নিৰ্মিত ৭টা কাহৰ চিৰাপৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে WHO-এ। বিশ্ব স্বাস্থ্য সংস্থাই মুঠ ২০টা কাহ চিৰাপৰ উপাদান পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। WHO ৰ তথ্য অনুসৰি এই কাহৰ চিৰাপৰ উপাদানসমূহৰ পৰা বিষক্ৰিয়া হ’ব পাৰে। ইয়াত ৭ টা ভাৰতীয় কোম্পানী অন্তৰ্ভুক্ত।

দৰাচলতে কেৱল যোৱা কেইমাহমানৰ ভিতৰতে বিশ্বজুৰি কাহৰ চিৰাপৰ বিষক্ৰিয়াত শ শ শিশুৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই পশ্চিম আফ্ৰিকাৰ। ভাৰতৰ পৰা এই পশ্চিম আফ্ৰিকাৰ দেশবোৰলৈ বহুত কাহৰ চিৰাপ যায়। কিছুদিন পূৰ্বে উজবেকিস্তান আৰু জাম্বিয়াত ভাৰতীয় কাহৰ চিৰাপ সেৱন কৰি বহু শিশুৰ মৃত্যু হোৱাৰ খবৰ আহিছিল। তেতিয়াই ভাৰতীয় কাহৰ চিৰাপৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছিল।

শেহতীয়াকৈ মেৰিয়ান বায়’টেক, মেডেন ফাৰ্মাচিউটিকেলছকে ধৰি কেইবাটাও কোম্পানীয়ে নিৰ্মাণ কৰা কাহৰ চিৰাপ সেৱন কৰি ৬৬টা শিশুৰ মৃত্যু হৈছে। সেই কোম্পানীসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে পশ্চিম আফ্ৰিকাৰ বিভিন্ন দেশলৈ বিষাক্ত ঔষধ ৰপ্তানি কৰিছে। কিছুমান বিশেষ কাহৰ চিৰাপে শিশুৰ বৃক্কৰ ক্ষতিসাধন কৰিছে। পৰীক্ষাৰ পৰা দেখা গৈছে যে সেই চাৰিটা কাহৰ চিৰাপত কেইবাটাও বিষাক্ত ৰাসায়নিক পদাৰ্থ আছে। এই ঔষধ সেৱন কৰিলে পেটৰ বিষ, বমি আদি লক্ষণ দেখা দিয়ে। ইয়াৰ পিছত কিডনী বিকল হোৱাটো নিশ্চিত আৰু মৃত্যু নিশ্চিত।

অৱশ্যে ইতিমধ্যে এই কাহ চিৰাপ কোম্পানীসমূহৰ বিৰুদ্ধে ভাৰতীয় ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে। আনকি, ডিজিচিএই ঔষধ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে। কোৱা হৈছে যে সকলো চিৰাপ ৰপ্তানিৰ পূৰ্বে চৰকাৰী পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগে। তেতিয়াহে ইয়াক বহিঃৰাজ্যলৈ ৰপ্তানি কৰিবলৈ দিয়া হ’ব। এতিয়া এই কাহৰ চিৰাপৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিলে WHO য়ে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *