কোটাক প্ৰাইভেট বেংকিঙে আৰম্ভ কৰিছে এক সঞ্চয় কাৰ্যসূচী- কোটাক ৰিজাৰ্ভ

কোটাক মহিন্দ্ৰা বেংক লিমিটেডে UHNI আৰু HNIৰ বাবে প্ৰস্তুত কৰা সঞ্চয় কাৰ্যসূচী ‘কোটাক ৰিজাৰ্ভ’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই ছেভিংছ প্ৰগ্ৰেমে গ্ৰাহকসকলক সাধাৰণ বেংক সেৱাৰ উপৰিও প্ৰিমিয়াম বেংকিং অভিজ্ঞতা প্ৰদান কৰিবলৈ বিভিন্ন ধৰণৰ বিশেষ সেৱা আগবঢ়ায়। ইয়াৰ লক্ষ্য হৈছে ভ্ৰমণ, স্বাস্থ্য আৰু সুস্থতা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত এক্সক্লুছিভ লাইফষ্টাইলৰ অফাৰৰ জৰিয়তে এক অতুলনীয় প্ৰিমিয়াম বেংকিং অভিজ্ঞতা প্ৰদান কৰা। এই সেৱাৰ সংযোগে ক্লায়েণ্টক প্ৰদান কৰা কোটাক প্ৰাইভেট বেংকিঙৰ বেচপ’ক সেৱাসমূহে এক নতুন মাত্ৰা পাব।

ইয়াৰ মূল লক্ষ্য হৈছে ভ্ৰমণ, স্বাস্থ্য আৰু সুস্থতা তথা মনোৰঞ্জনৰ ক্ষেত্ৰত এক্সক্লুছিভ জীৱনশৈলী প্ৰদানৰ জৰিয়তে অতুলনীয় প্ৰিমিয়াম বেংকিং অভিজ্ঞতা প্ৰদান কৰা। ইয়াৰ মূল অফাৰৰ ভিতৰত আছে তাজৰ দ্বাৰা এপিকিউৰ প্ৰিভিলেজড মেম্বাৰশ্বিপ, লাফায়েট লাক্সাৰী কনচিয়েৰ্জ, বুক মাই শ্ব’ ভাউচাৰ, লকাৰ আৰু ঋণৰ দৰে সেৱাৰ ওপৰত অগ্ৰাধিকাৰ মূল্য নিৰ্ধাৰণ। সীমাহীন হোম বেংকিং সেৱা, এক্সক্লুছিভ কল বেক সেৱা আৰু এক্সক্লুছিভ ক্লাব প্ৰদান কৰা কোটাক হোৱাইট ৰিজাৰ্ভ ক্ৰেডিট কাৰ্ড মেৰিয়েটৰ সদস্যপদ, ভাৰত আৰু বিশ্বৰ উন্নতমানৰ গল্ফ কোৰ্চত টি-অফ আৰু সীমাহীন বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা লাউঞ্জ ভ্ৰমণ।

কোটক মহিন্দ্ৰা বেংক লিমিটেডৰ প্ৰাইভেট বেংকিঙৰ CEO ঐশ্বৰ্য দাসে এই সন্দৰ্ভত কয় যে, “ৰিজাৰ্ভে বেঙ্কিঙৰ বাহিৰেও এক উন্নত অভিজ্ঞতাৰ বাবে বিভিন্ন সুবিধা প্ৰদান কৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *