ভাল খবৰ! SBIৰ মুখ্য প্ৰৱন্ধক হিচাপে নিযুক্ত অসম কন্যা সুৰঞ্জনা দত্ত

অসমীয়াৰ বাবে এক গৌৰৱৰ ক্ষণ।

ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত হৈছে অসমৰ সুৰঞ্জনা দত্ত।

সুৰঞ্জনা দত্ত এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত অসমৰ প্ৰথমগৰাকী মহিলা বিষয়া৷

কটন কলেজৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত স্থান দখল কৰি উত্তীৰ্ণ হৈ সুৰঞ্জনা দত্তই পিছত কটনৰ পৰাই গ্ৰহণ কৰিছিল স্নাতক শিক্ষা।

ইয়াৰ পিছতে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে।

চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে কাম কৰাৰ উপৰিও জাপানতো কৰ্মৰত আছিল দত্ত।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *