চাকৰিত যোগদান কৰিয়েই ধন লোভত নামিল সদ্য নিযুক্তিপ্ৰাপ্ত SI দ্বীপজ্যোতি কাকতি, ৰিজাৰ্ভ ক্ল’জ

চাকৰিত যোগদান কৰিয়েই উৎকোচ লৈ ৰিজাৰ্ভ ক্ল’জ হ’বলগীয়া হ’ল এজন আৰক্ষী উপ পৰিদৰ্শক।

মাত্ৰ কেইদিনমান পূৰ্বে অসম আৰক্ষীত এছ আই হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে অভিযোগকাৰীৰ পৰা উৎকোচ লৈছিল এছ আই দ্বীপজ্যোতি কাকতিয়ে।

মাজুলীৰ বালি চাপৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে ২৫০০ টকা উৎকোচ লোৱাৰ অভিযোগ।

এই উৎকোচ কাণ্ড পোহৰলৈ অহাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে আৰক্ষী বিষয়াজনক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *