বিজনীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ

বিজনীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ।লাভ জেহাদ আইন বলবত কৰাৰ দাবীত প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ ।উল্লেখযোগ্য যে বিজনীত চিৰাং জিলা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিল্লীৰ সাক্ষী নামৰ এজনী ১৬ বছৰীয়া নাৱালিকা হিন্দু কন্যাক সাহিল নামৰ এজনে নৃশংসতাৰে হত্যা কৰাৰ প্ৰতিবাদত আৰু কেন্দ্ৰীয় চৰকাৰলৈ লাভ জেহাদ আইন প্ৰণয়ন কৰাৰ দাবীত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।প্ৰতিবাদৰ অন্তত বিজনী মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লাভ জেহাদ আইন অতিশিঘ্ৰে বলবত কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *