গোলাঘাট চহৰত জুই

গোলাঘাট চহৰত জুই ৷ গোলাঘাটৰ জেইল মাৰ্কেটত বিয়লি এক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এক আতংক ময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ামতে বিয়লি প্ৰায় সাত বজাত ব্যৱসায়িক এলেকাটোত থকা ট্ৰেঞ্চফৰ্মাৰৰ পৰা জুইৰ ফিৰিঙতি পৰি তলৰ শুকান জাবৰৰ দ’মত অগ্নি সূত্ৰপাত হয় আৰু নিমিষতে দাউ দাউকৈ জুই জ্বলিউঠাত এলেকাটোত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ কিছূসময়ৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই আয়ত্বলৈ আনে যদিও উচ্চ ক্ষমতাসম্পন্ন ট্ৰেঞ্চফৰ্মাৰটো সম্পূৰ্ণকৈ ধৱংস হয় ৷ উল্লেখ্যযে বজাৰৰ দোকানী সকলে সেই ট্ৰেঞ্চফাৰৰ তলতে বছৰ বছৰ ধৰি জাৱৰ জোথৰ পেলাই আহিছে ৷ পৌৰসভাও এই জাৱৰবোৰ চাফা নকৰে ফলত আজি এই জাৱৰৰ পৰাই এনে অঘটন সংঘটিত হ’ল বুলি বিভিন্নজনে মন্তব্য কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *