গুৱাহাটী-শিলচৰৰ মাজত দ্বিতীয়খন ফ্লাইবিগ বিমান সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে গুৱাহাটী আৰু শিলচৰৰ মাজত দ্বিতীয়খন ফ্লাইবিগ ফ্লাইট সেৱাৰ ফ্লেগ অফ কৰে।

দ্বিতীয়খন ফ্লাইবিগ বিমানখন ফ্লেগ অফ কৰাৰ সময়ত মুঠ ৬৩জন যাত্ৰী আছিল।

গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত আৰু গুৱাহাটী আৰু শিলচৰৰ মাজত চলিব ফ্লাইবিগ বিমান সেৱা।

অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডে ভিজিএফ পুঁজিৰ জৰিয়তে ফ্লাইবিগ সেৱাত সহায় কৰিব আৰু দুয়োটা খণ্ডৰ দৈনিক বিমান পৰিচালনাৰ সিদ্ধান্ত দুয়োপক্ষই পাৰস্পৰিকভাৱে ল’ব।

২০২৩ চনৰ ১ মে’ত গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ প্ৰথমখন ফ্লাইবিগ বিমান সেৱাৰ ফ্লেগ অফ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *