এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে ২০২৩ চনৰ অ’এলইডি টিভি লাইন আপ

এল জি ইলেক্ট্ৰনিকছে ২০২৩ চনৰ অ’এলইডি টিভি লাইন আপ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য’ত বিশ্বৰ সৰ্ববৃহৎ ২৪৬চে.মি.(৯৭) অ’এলইডি টিভি আৰু বিশ্বৰ একমাত্ৰ ফ্লেক্সিবল গেমিং অ’এলইডি টিভি অন্তৰ্ভুক্ত কৰা হৈছে।

লাইন-আপত বিভিন্ন ভিন্নতাত ২১টা মডেল উপলব্ধ, য’ত আছে বিশ্বৰ একমাত্ৰ ৮কে অ’এলইডি জেড৩ ছিৰিজ, অ’এলইডি ইভ’ গেলেৰী এডিচন জি৩ ছিৰিজ, অ’এলইডি ইভ’ চি৩ ছিৰিজ, অ’এলইডি বি৩ আৰু এ৩ ছিৰিজ টিভি। এল জি অ’ এল ই ডি টিভিসমূহ ইয়াৰ ব্যতিক্ৰমী ছবিৰ মানদণ্ডৰ বাবে বিখ্যাত, গভীৰ ক’লা আৰু অসীম কনট্ৰাষ্ট ৰেচিঅ’ৰ সৈতে স্পন্দনশীল, সঠিক ৰং উৎপাদন কৰে।

এল জিৰ শেহতীয়া লাইন-আপে এক সুকীয়া ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদান আৰু বিভিন্ন গ্ৰাহক খণ্ডৰ বাবে তেওঁলোকৰ অ’ এল ই ডি টিভি পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। নতুন আলফা ছিৰিজৰ প্ৰচেছৰত অসাধাৰণ ছবি আৰু শব্দৰ মান নিশ্চিত কৰিবলৈ  ডিপ লাৰ্নিং টেক ব্যৱহাৰ কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *