এম জি মটৰে ইলেক্ট্ৰিক মবিলিটিৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে

এম জি মটৰ ইণ্ডিয়াই আজি ঘোষণা কৰে যে তেওঁলোকৰ বিশ্বব্যাপী সফল জেড এছ ই ভিয়ে ভাৰতত ১০ হাজাৰ বিক্ৰীৰ সীমা অতিক্ৰম কৰিছে। জেড এছ ইভি ২ ভেৰিয়েন্টত উপলব্ধ, মূল্য ক্ৰমে ২৩,৩৮,০০০ আৰু ২৭,২৯,৮০০ টকা।

 ইয়াৰ সৈতে ৬টা চাৰ্জিং বিকল্প আছে: ডিচি ছুপাৰ-ফাষ্ট চাৰ্জাৰ, এচি ফাষ্ট চাৰ্জাৰ, এমজি ডিলাৰশ্বিপত এচি ফাষ্ট চাৰ্জাৰ, জেডএছ ইভিৰ সৈতে পৰ্টেবল চাৰ্জাৰ, ২৪এক্স৭ আৰএছএ – মোবাইল চাৰ্জিং সমৰ্থনৰ বাবে, এমজি চাৰ্জ ইনিচিয়েটিভ – ইয়াৰ প্ৰথমটো এম জি ইণ্ডিয়াৰ পদক্ষেপ, যিয়ে ইভি চাৰ্জিং আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ সমগ্ৰ ভাৰতৰ কমিউনিটি স্থানৰ ভিতৰত ১০০০ দিনত ১০০০ এচি ফাষ্ট চাৰ্জাৰ স্থাপন কৰাৰ লক্ষ্য লৈছে।

ইয়াত এটা শক্তিশালী মটৰ আছে যিয়ে ১৭৬পিএছৰ শ্ৰেষ্ঠ শক্তি প্ৰদান কৰে আৰু মাত্ৰ ৮.৫ ছেকেণ্ডত ০ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰে। ফ্লেগশ্বিপ ইলেক্ট্ৰিক এছ ইউ ভিত প্ৰিজমেটিক চেল বেটাৰী আছে যাৰ শক্তিৰ ঘনত্ব উচ্চ যিয়ে উন্নত ৰেঞ্জ আৰু জীৱন প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *