ন’কিয়া ১০৫ (২০২৩) আৰু ন’কিয়া ১০৬ ৪জি ইউপিআই ১২৩পেইৰ সৈতে

ন’কিয়া ফোনসমূহৰ ঘৰ এইচ এম ডি গ্ল’বেলে ঘোষণা কৰিছে যে স্মাৰ্টফোন অবিহনেও ব্যৱহাৰকাৰীয়ে নিৰাপদ আৰু নিৰৱচ্ছিন্নভাৱে ডিজিটেল লেনদেন কৰিব পাৰে। ইউপিআই ১২৩পেই হৈছে ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে এনপিচিআইৰ তৎক্ষণাত পেমেণ্ট ব্যৱস্থা যিয়ে ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) পেমেণ্ট সেৱা নিৰাপদ আৰু সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পাৰে।

দুয়োটা ফোনেই ন’কিয়া ফোন এটাৰ পৰা আশা কৰা ধৰণৰ আশ্বাস আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰে। এন পি চি আইৰ মুখ্য পৰিচালন বিষয়া প্ৰবীনা ৰায়ে বিশ্বাস কৰে যে ইউ পি আই ক্ষমতাৰে ফিচাৰ ফোন ব্যৱহাৰকাৰীক সবলীকৰণে অধিক ব্যৱহাৰকাৰীক ইউ পি আই ব্যৱহাৰৰ সহজতা আৰু সুবিধা প্ৰদান কৰাত অৰিহণা যোগাব আৰু ডিজিটেল বিত্তীয় সেৱা গ্ৰহণ কৰাত উৎসাহিত কৰিব।

ন’কিয়া ১০৫ আৰু ১০৬ ৪জি ফিচাৰ ফোন ব্যৱহাৰকাৰীক সংযুক্ত কৰি ৰাখিবলৈ ডিজাইন কৰা হৈছে, এৰগ’নমিক ডিজাইন আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *