UPSCত পঞ্চম স্থান লাভেৰে সফলতা অৰ্জন অসম সন্তান ময়ূৰ হাজৰিকাৰ…

গৌৰৱৰ এক মুহূৰ্তত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা ২০২২ত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ ময়ুৰ হাজৰিকাই।

তেজপুৰৰ নিৱাসী ময়ূৰ হাজৰিকা হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাতো ৰেংক হোল্ডাৰ আছিল।

চৰকাৰী তথ্য অনুসৰি ইশিতা কিশোৰে পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। মঙলবাৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল ইউ পি এছ চিয়ে।

তদুপৰি অসমৰ আৰু দুজন যুৱক মহম্মদ ইদুল আহমেদ আৰু মানস জ্যোতি দাসেও ইউ পি এছ চি পৰীক্ষাত ক্ৰমে ২৯৮ আৰু ৮৮১ নম্বৰ স্থান লাভ কৰে।

২০২২ চনৰ ৫ জুনত অনুষ্ঠিত হোৱা ইউ পি এছ চি চি এছ ইৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ২২ জুনত ঘোষণা কৰা হয়।

ইফালে ১৮ মে’ত ব্যক্তিগত সাক্ষাৎকাৰৰ সামৰণি পৰে।

সকলো প্ৰাৰ্থীকে নিযুক্তিৰ বাবে পৰামৰ্শ দিয়া হৈছে – ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ); ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ); ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ); কেন্দ্ৰীয় সেৱা, গোট ‘ক’ আৰু গোট ‘খ’।

শীৰ্ষ ১০ জন প্ৰাৰ্থী –

ইশিতা কিশোৰ

গৰিমা লোহিয়া

উমা হাৰাথিন

স্মৃতি মিশ্ৰ

ময়ুৰ হাজৰিকা

গহানা নব্য জেমছ

ৱাছিম আহমদ ভাট

অনিৰুদ্ধ যাদৱ

কণিকা গোৱাল

ৰাহুল শ্ৰীবাস্তৱ

প্ৰাৰ্থীসকলে ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইট www.upsc.gov.in ত ফলাফল চাব পাৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *