ASP ৰুনা নেওগৰ ভাইৰেল অডিঅ’ ক্লিপিঙৰ তদন্তৰ দায়িত্ব IGP প্ৰশান্ত কুমাৰ ভূঞাক

অতিৰিক্ত আৰক্ষী অধীক্ষক (এ এছ পি) লখিমপুৰ, ৰুণা নেওগ আৰু হাছিনা বেগমৰ মাজত এতিয়া ভাইৰেল ফাদিল হোৱা অডিঅ’ ক্লিপটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে আইন-শৃংখলাৰ আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাক।

লাভ কৰা তথ্য অনুসৰি আই জি পি প্ৰসন্ত কুমাৰ ভূঞাক ১০ দিনৰ ভিতৰত ৰুণা নেওগ আৰু হাছিনা বেগমৰ মাজত হোৱা অডিঅ’ ক্লিপৰ তদন্ত সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মন কৰিবলগীয়া যে, বৰ্তমান মৃত কলিয়াবৰৰ উপ-পৰিদৰ্শক (এছ আই) জোনমণি ৰাভাৰ স্থানীয় তথ্যদাতা হাছিনা বেগমৰ মাজত টেলিফোনিক বাৰ্তালাপত তেওঁ তদন্ত কৰি থকা লখিমপুৰৰ বঙালমৰাত অবাধ ভুৱা সোণ আৰু ভুৱা মুদ্ৰাৰ অভিযানৰ বিষয়ে অৱগত কৰা বুলি জানিব পৰা গৈছে।

বৰ্তমান মৃত্যু হোৱা এছ আই, জোনমনি ৰাভা হাছিনা বেগমৰ পৰা তথ্য লাভ কৰি আজগৰ আলী নামৰ এজন ভুৱা সোণৰ ব্যৱসায়ীক ধৰিবলৈ যোৱা ৬ মে’ত বঙালমৰালৈ গৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *