পূজাৰ প্ৰসাদ খোৱাৰ পিছতে উত্তৰ প্ৰদেশত অসুস্থ হৈ পৰিল শিশুসহ প্ৰায় ১৫০ জন লোক।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, খাদ্যত বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰা সকলৰ মাজত আছে ৫৬টি শিশু।
জানিব পৰা মতে, গাঁওখনত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত বিতৰণ কৰা প্ৰসাদ খোৱাৰ পিছতে অসুস্থ হৈ পৰে লোক কেইজন।
লগে লগে অসুস্থ সকলক ৰাম মনোহৰ লোহিয়া হাস্পালত ভৰ্তি কৰোৱা হয়।