বিজনীৰ খুজুৰাপগুৰী মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক অমানৱীয় শাস্তি শিক্ষকৰ



বিজনীৰ খুজুৰাপগুৰী মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক অমানৱীয় শাস্তি শিক্ষকৰ।বিদ্যালয় খনৰ হিন্দী শিক্ষক মোহিনী বৰ্মনে ছাত্ৰক ডিঙি চেপি, ভৰিৰে লঠিয়াই ছাত্ৰক অমানুষিক নিৰ্যাতন চলোৱাৰ উঠিছে গুৰুতৰ অভিযোগ।ঘটনাক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ উঠিছে বিদ্যালয় পৰিচালনা সমিতি।

চিৰাং জিলাৰ বিজনীৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত খুজুৰাপগুৰী মধ্য ইংৰাজী বিদ্যলয়ৰ হিন্দী শিক্ষক মোহিনী বৰ্মনৰ বিৰুদ্ধে ষষ্ঠ শ্ৰেণীৰ কণমানি ছাত্ৰক অমানৱীয় নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে।অভিযোগ অনুসৰি বিদ্যালয়ৰ খনৰ ছাত্ৰই সমনীয়াৰ সৈতে খেলি থকাৰ অপৰাধত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক ডিঙিত চেপি, ভৰিৰে লঠিয়াই শাস্তি প্ৰদান কৰিছে বিদ্যালয় খনৰ হিন্দী শিক্ষক মোহিনী বৰ্মনে।ইয়াৰ উপৰিও সময়ে সময়ে মদ্যপান কৰি বিদ্যায়লয়ৈ অহাৰো অভিযোগ আছে শিক্ষক গৰাকীৰ বিৰুদ্ধে।এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পানীন্দ্ৰ বৰ্মনে।অৱশ্যে অভিযুক্ত শিক্ষক মোহিনী বৰ্মনে সকলো দোষ স্বীকাৰ কৰি লোৱাৰ লগতে ক্ষমা বিচাৰে।আনহাতে শিক্ষক মোহিনী বৰ্মনে কেমেৰাৰ সন্মুখত মানসিক বাধাগ্ৰস্তৰ দৰে আচৰণ কৰা পৰিলক্ষিত হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *