প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধি, জেড শ্ৰেণীৰ নিৰাপত্তা প্ৰদান

পশ্চিম বংগ চৰকাৰে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ নিৰাপত্তাৰক্ষীৰ কভাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক জেড কেটেগৰী নিৰাপত্তা প্ৰদান কৰে পশ্চিম বংগ চৰকাৰে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। বিচিচিআইৰ প্ৰাক্তন সভাপতি গাংগুলীক জেড কেটেগৰী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। মন কৰিবলগীয়া যে তেওঁ ইতিমধ্যে ৱাই কেটেগৰীৰ নিৰাপত্তাৰ অধীনত আছিল। তেওঁক জেড কেটেগৰী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

পশ্চিম বংগ চৰকাৰে প্রাক্তন ক্ৰিকেটাৰগৰাকীৰ নিৰাপত্তা শাখাত অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ অৱশ্যে তেওঁৰ নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি আহিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মন কৰিবলগীয়া যে সৌৰভ গাংগুলী বৰ্তমান আই পি এলৰ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছৰ সৈতে জড়িত। তেওঁ দলত ক্ৰিকেটৰ পৰিচালকৰ ভূমিকা পালন কৰি আছে।

খবৰ অনুসৰি সৌৰভ গাংগুলীয়ে তেনে কোনো অনুৰোধ কৰা নাছিল। চৰকাৰে সৌৰভ গাংগুলী জেড কেটেগৰী নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লয়। ইয়াত উল্লেখযোগ্য যে সমগ্ৰ দেশতে আন সকলো চেলিব্ৰিটি আৰু ক্ৰীড়া ব্যক্তিয়ে এনে সুৰক্ষা লাভ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *