শৰাইঘাট দলঙৰ পৰা জঁপিয়াই আত্মহত্যা এজনৰ…

দেওবাৰে গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা জপিয়াই এজন লোকে আত্মহত্যা কৰাৰ সন্দেহ।

খবৰ অনুসৰি পূৰ্বতে উল্লেখ কৰা দলঙৰ ১৪ নম্বৰ খুঁটাৰ পৰা জপিয়াই পৰে ব্যক্তিজন।

এছডিআৰএফৰ জোৱানৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

এতিয়ালৈকে মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই।

এমাহ পূৰ্বে অসম আৰক্ষীয়ে আত্মহত্যাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰা এজন লোকক উদ্ধাৰ কৰিছিল।

খবৰ অনুসৰি গুৱাহাটীৰ নতুন শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জপিয়াই পৰাৰ চেষ্টা কৰিছিল লোকজনে। অৱশ্যে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ অদম্য প্ৰচেষ্টাত লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা ব্যক্তিজন হাজোৰ নিবাসী জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *