অস্থিৰ পাকিস্তান ভাৰতৰ বাবে বিপজ্জনক! ইমৰান খানৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ গ্ৰেপ্তাৰক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ পাকিস্তান। দেশখনত বিয়পি পৰিছে হিংসাৰ পৰিস্থিতি। এই পৰ্যন্ত কমেও ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাৰ পৰা সীমান্ত পাৰ হৈ কাশ্মীৰ উপত্যকালৈ ছিটিকি পৰাৰ আশংকাত ভাৰতে পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰে।

বুধবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ নেতা ফাৰুক আব্দুল্লাই কয়, ‘অস্থিৰ পাকিস্তান ভাৰতৰ বাবে বিপদজনক। এজন হত্যাকাৰীৰ হাতত মৃত্যু হ’বলগীয়া হৈছিল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকুৱাট আলী খানৰ। জুলফিকাৰ আলী ভুট্টোক ফাঁচীকাঠত ফাঁচী দিয়া হ’ল। তেওঁৰ কন্যা বেনজিৰ ভুট্টোকো হত্যা কৰা হৈছিল। মুঠতে দেশৰ ইতিহাসত এনে ঘটনাৰ অভাৱ নাই।”

ফাৰুকে আৰু কয়, ‘ভাৰত উপমহাদেশত শান্তি বজাই ৰাখিবলৈ এখন সুস্থিৰ পাকিস্তান অতি প্ৰয়োজনীয়। অৰ্থনৈতিক সংকট আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে দেশৰ বৰ্তমান পৰিস্থিতি বৰ ভাল নহয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান তাত অতি জনপ্ৰিয়। আশাকৰোঁ তেওঁ আঘাত নাপাব। আৰু তেওঁক লগে লগে মুকলি কৰি দিয়া হ’ব।”

মন কৰিব যে পাকিস্তানৰ পৰিস্থিতিত ভাৰতীয় সেনা হাই এলাৰ্টত আছে। কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া সৈন্যক যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু হ’বলৈ কোৱা হৈছে। বিশ্লেষকসকলৰ মতে, পাকিস্তানৰ গণতান্ত্ৰিক চৰকাৰৰ পতন বা মৌলবাদী শক্তি ক্ষমতালৈ আহিলে কাশ্মীৰ উপত্যকাত জেহাদী আন্দোলন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

প্ৰসংগক্ৰমে মঙলবাৰে ইমৰাণ খানে লাহোৰৰ পৰা ইছলামবাগ উচ্চ ন্যায়ালয়ত উপস্থিত হোৱাৰ পিছত বায়’মেট্ৰিক ব্যৱস্থাত নিজকে চিনাকি কৰাই দিয়াৰ লগে লগে পাক ৰেঞ্জাৰছে হঠাতে তাত প্ৰৱেশ কৰে। খৰধৰকৈ ঘেৰি ধৰি গ্ৰেপ্তাৰ কৰিলে। তাত উপস্থিত ইমৰাণৰ অধিবক্তা আৰু নিৰাপত্তাৰক্ষীক তীব্ৰ প্ৰহাৰ কৰা হয়। এনে দাবী পিটিআইৰ জ্যেষ্ঠ নেতা শ্বিৰীন মাজাৰীৰ। জানিব পৰা মতে, ৭০ বছৰীয়া পিটিআই নেতাজনৰ বিৰুদ্ধে মুঠ ১২১টা গোচৰ ৰুজু হৈছে। ইমৰাণৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু ধৰ্মক অপমান কৰি হিংসা আৰু সন্ত্ৰাসবাদৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *