দৰঙৰ ধূলাত চলিছে গুণ্ডা-মাফিয়াৰ ৰাজ

দৰঙৰ ধূলাত চলিছে গুণ্ডা-মাফিয়া ৰাজ।হাতে হাতে ঝাঠি জোংলৈ দিন দুপৰতে বৃদ্ধা মহিলাক আক্ৰমণ কৰি ঘৰত অগ্নি সংযোগ এদল গুণ্ডাবাহিনীৰ।জিলা প্ৰশাসনক বৃদ্ধাংগুষ্ট দেখুৱাই দৰঙৰ ধুলাত চলিছে মাফিয়াৰাজ । নিৰিহ জনতাক ভয় ভাবুকি দেখুৱাই ভুমি বেদখলত নামিছে গুণ্ডাবাহিনীৰ দলটোৱে।দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত বাইগৰমাৰি গাঁৱৰ ওচমান আলীৰ দেওতাকে প্ৰায় ৪৩ বছৰ পূৰ্বে যুৱৰাজ শ্বেইখৰ পৰা ক্ৰয় কৰিছিল প্ৰায় ৭ বিঘা মাটি। সেই মাটি দখল কৰিবলৈ জোনাব আলীৰ নেতৃত্বত দহজনীয়া দল এটাই আক্ৰমণ কৰে ওচমান আলীৰ পৰিয়ালৰ ওপৰত। গুণ্ডাবাহিনীৰ দলটোৱে হাতে হাতে জাঠি জোংলৈ জপিয়াই পৰে ঘৰত থকা মহিলাৰ কেইজনীৰ ওপৰত । দিন দুপৰতে গুণ্ডাবাহিনীৰ দলটোৱে মহিলা কেইগৰাকীক মাৰধৰ কৰি ঘৰত অগ্নিসংযোগ কৰি পলায়ন কৰে। ঘটনা সংক্ৰান্তত ওচমান আলীৰ ঘৈণীয়েক আছিয়া খাতুনে ধুলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । সেই এজাহাৰৰ ভিত্তিত ধুলা আৰক্ষীয়ে ঘৰত অগ্নিসংযোগ কৰা মুল মাষ্টাৰ মাইণ্ড জোনাব আলীক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *