বটদ্ৰৱাৰ কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দম্পতী

বটদ্ৰৱাৰ কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দম্পতী।নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ ইয়াৰ মাজতে জিলাখনৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন কদমণি পথাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ এহাল দম্পতী আৰক্ষীৰ জালত পৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধৃত দম্পতীহাল হৈছে ছহিদুল ইছলাম আৰু মোচিদা খাতুন ৷ আচলতে, এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে কদমণি পথাৰৰ ছহিদুল ইছলামৰ বাসগৃহত অতৰ্কিতে অভিযান চলায়। অভিযানত আৰক্ষীয়ে ২০ টা কণ্টেইনাৰত থকা ২৭.৬১ গ্ৰাম ড্ৰাগছৰ লগতে ১১ টা খালি কন্টেইনাৰ, দুটা চাবোনৰ বাকচ আৰু এটা ম’বাইল ফোন উদ্বাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অপৰাধত ছহিদুল ইছলাম আৰু তেওঁৰ পত্নী মোচিদা খাতুনক আটক কৰে ৷ দীৰ্ঘদিনৰে পৰা এই দম্পতীহালে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি জানিব পৰা গৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *