টীয়কত সংঘটিত লজ্জাজনক ঘটনা

টীয়কত সংঘটিত লজ্জাজনক ঘটনা ।
উলংগ কৰি যুৱকক কৰিলে মাৰপিট
সভ্য সমাজক লজ্জানত কৰি এইবাৰ টীয়কত মৰেল পুলিচৰ নামত যুৱকক উলংগ কৰি মাৰপিট কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে | অভিযোগ অনুসৰি টীয়ক হাটখোলাৰ অজয় মাঝি নামৰ যুৱক জনে কালি বিয়লি টীয়ক নগৰৰ নন্দনপুৰৰ মাজেৰে ঘৰলৈ বুলি পথেৰে গৈ থকা অৱস্থাত সেই অঞ্চলত তিনি, চাৰিজনীয়া এটা যুৱকৰ দলে অজয়ক পথত আগুচি ধৰি গুৰুলা গুৰুলকৈ মাৰধৰ কৰে | লগতে গাৰ কাপোৰ কানি খুলি উন্মত্ত কৰি অ’শ্লীল ভিডিঅ’ প্ৰস্তুত কৰে | এই ঘটনাৰে সৈতে অঞ্চলটোৰ ৰন্টু আৰু কানকান নামৰ দুজন যুৱক সহ আন দুজন যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে | ঘটনা সন্দৰ্ভত অজয়ৰ পৰিয়ালে টীয়ক আৰক্ষী থানাত এখন লিখিত অভিযোগ দাখিল কৰিছে | পৰিয়ালৰ লোকে জানিব দিয়া মতে যুৱকজনৰ হাতত কাম কৰি আহোতে কিছু নগদ ধন আছিল আৰু কি কাৰণত যুৱকজনক প্ৰহাৰ কৰিলে সেয়া এতিয়াও ৰহস্য আৱৰ্তত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *