ডিব্ৰুগড় বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী ২ যুৱক

ডিব্ৰুগড় বগীবিল ৫২(B) ৰাষ্ট্ৰীয় ঘাই পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

AS-01-FD-2578 নম্বৰৰ Creta বাহন আৰু AS-06-AA-0967 নম্বৰৰ গ্লেমাৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাত পতিত হোৱা বাইক খনত দুজন আৰোহীৰ আছিল।

দুৰ্ঘটনাটোৰ ফলত এজন থিতাতে নিহত হয় আৰু আনজন চিকিৎসালয়ত মৃত্যু হয়।

জানিব পৰা মতে বগীবিল ১নং চৰাইহাবি গাঁৱত বিহু সন্মিলন চাই ঘৰলৈ উভতি আহোঁতে দুৰ্ঘটনাত পতিত হয় ভৱৰাম দাস (৩৫)আৰু মংগলাল দাস (৩১)নামৰ দুই বাইক আৰোহীৰ।

নিহত দুই বাইক আৰোহীৰ ঘৰ জকাই বন কৈৱৰ্ত গাঁৱত বুলি জানিব পৰা গৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *