গোসাঁইগাঁৱত বিস্ফোৰকসহ কে এল অ’ (কে এন)ৰ ২ কেডাৰক আটক

অসম আৰক্ষীয়ে শুকুৰবাৰে নিশা গোসাঁইগাঁৱত আই ই ডি বিস্ফোৰকসহ দুজন কে এল অ’ (কে এন) কেডাৰক আটক কৰে।

খবৰ অনুসৰি, গুৰুফেলা অঞ্চলৰ হাতীগড় গাঁৱত গোসাঁইগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত উক্ত কে এল অ’ (কে এন)ৰ কেডাৰ কেইজনক পুৱা প্ৰায় ২ বজাত আটক কৰা হৈছে।

ধৃত যুটিটোৰ নাম বিপুল ৰায় আৰু উত্তম ৰায়। ইয়াৰ উপৰিও আৰক্ষীয়ে আই ই ডি বিস্ফোৰক, ৱাকি-টকি আৰু হিচাপহীন নগদ ধন উদ্ধাৰ কৰিছে।

কে এল অ’ (কে এন)ৰ কেডাৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰাৰ তথ্য লাভ কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বৰ্তমান কে এল অ’ (কে এন)ৰ দুয়োজন কেডাৰ গোসাইগাঁও আৰক্ষীৰ জিম্মাত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *