এই বছৰতে অনুষ্ঠিত হ’ব কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এই বছৰতে অনুষ্ঠিত হ’ব কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাস্থিত কামতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰি কয় যে কামতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচন চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব৷

বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ লগতে পৰিষদ এলেকাক অন্তৰ্ভুক্ত কৰি এই নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি মই কে এ চিৰ কাৰ্যালয় পৰিদৰ্শন কৰি পৰিষদখনক কেনেকৈ অধিক শক্তিশালী কৰিব পাৰি তাৰ ওপৰত এখন বৈঠক অনুষ্ঠিত কৰিছো।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয় যে কেইদিনমানৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ গাঁওসমূহ চিনাক্ত কৰি পৰিষদ এলেকাত অন্তৰ্ভুক্ত কৰা হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *