আকৌ উন্নাও কাণ্ড! জামিনত মুকলি হৈ আহিয়েই ভুক্তভোগী কিশোৰীৰ বাসগৃহত অগ্নিসংযোগ ধৰ্ষণৰ অভিযুক্তৰ, দুই শিশু অগ্নিদগ্ধ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত পুুনৰ এবাৰ উন্নাও কাণ্ডৰ পুনৰাবৃত্তি! আতিক-আশ্ৰফৰ হত্যাকাণ্ডৰ দুদিন পিছতে ৰাজহুৱা গুলীচালনাত এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু হয়। এইবাৰ নাবালিকাক ধৰ্ষণ কৰাৰ অভিযুক্তই ভুক্তভোগীৰ ঘৰত জুই লগাই দিয়ে। এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হয় ছমহীয়া সন্তান আৰু দুমহীয়া ভগ্নী। সংকটজনক অৱস্থাত দুই শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

২০২২ চনৰ পৰাই এই ঘটনা আৰম্ভ হৈছিল। সেই বছৰৰ ১৩ ফেব্ৰুৱাৰীত গাঁৱৰ পাঁচজন যুৱকৰ বিৰুদ্ধে ১১ বছৰীয়া দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। গ্ৰেপ্তাৰ কৰা হয় দুয়োকে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নাবালিকাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল। অভিযোগ অনুসৰি, জেলত থকা অৱস্থাত কিশোৰীগৰাকীৰ পৰিয়ালক গোচৰটো প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিছিল দুজন যুৱকে। শেহতীয়াকৈ জামিনত মুকলি কৰি দিয়া হৈছিল দুয়োকে। ইয়াৰ পিছত দুই অভিযুক্ত নাবালিকাৰ ঘৰত উপস্থিত হয়। অভিযুক্ত দুজনৰ বিৰুদ্ধে কিশোৰীগৰাকীৰ লগতে মাতৃক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পাছত জুপুৰিটোত জুই লগাই দিয়ে অভিযুক্তই। সেই জুইত অগ্নিদগ্ধ হয় কিশোৰীগৰাকীৰ ছমহীয়া পুত্ৰ আৰু দুমহীয়া সৰু ভনীয়েক।

দুই শিশুক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুয়োৰে অৱস্থা বেয়া হোৱাত কানপুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসকে জনোৱা মতে, ছমহীয়া পুত্ৰৰ ৩৫ শতাংশ শৰীৰ আৰু কিশোৰীগৰাকীৰ দুমহীয়া কনিষ্ঠ ভগ্নীৰ ৪৫ শতাংশ শৰীৰ জ্বলি গৈছে।

ইফালে কিশোৰীগৰাকীৰ পিতৃকো অভিযুক্ত দুজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত বৰ্তমান তেওঁৱো চিকিৎসাধীন হৈ আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *