ঢোল পেঁপাৰ মাতে ৰজনজনাই উঠিছে শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী বৰছিলাৰ গায়ন গাঁৱত

বহাগৰ মাহৰ ঢোল পেঁপাৰ মাতে ৰজনজনাই উঠিছে শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী বৰছিলাৰ গায়ন গাঁৱত ।

প্ৰথম ব’হাগৰ দিনাৰ পৰাই ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ ।

সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালকৈ বৰছিলাৰ গায়ন গাঁৱতো ৰঙালী বিহুৰ আনন্দ উল্লাহ।

বহাগৰ প্ৰথমটো দিনত গাঁৱৰ ৰাইজে পৰম্পৰাগতভাৱে চোতাল বিহু মৰা দেখিবলৈ পোৱা গৈছে ।।

এই চোতাল বিহুত অঞ্চলৰ ডেকা বুঢ়া , জীয়াৰী , বোৱাৰী , কণ কণ শিশুৰ সকলোৱে অংশগ্ৰহণ কৰে।

ঢোলৰ চেৱে চেৱে ডেকা গাভৰুৱে সকলোৱে ককাল ভাঙি নাচি বিহুৰ আনন্দত আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *