লোকসভা নিৰ্বাচনত অসমত ১২ খন আসনেই লাভ কৰিব বিজেপিয়েঃ দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ…

২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি। মঙলবাৰে ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সভাত অংশ লৈ বজালে ২৪ৰ নিৰ্বাচনী দুন্দুভী।

অমিত শ্বাহে এইবাৰ অসমৰ ১৪খন আসনৰ ভিতৰত ১২খন আসন বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে।

এইবাৰ ৩০০ৰো অধিক লোকসভাৰ আসনত বিজেপিয়ে জয়লাভ কৰি নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ দখল অধিক শক্তিশালী হৈ আহিছে বুলি মন্তব্য কৰে অমিত শ্বাহে। তেওঁ কয়, “অসমৰ ৰাইজক অভিনন্দন জনাব বিচাৰিছো। আপোনালোকৰ ভোটেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটিছে।”

ডিব্রুগড়ত বিজেপিৰ কার্যালয় উদ্বোধনী অনুষ্ঠানত এখন ৰাজহুৱা সভাত ভাষণ দি গৃহমন্ত্রী শ্বাহে কয় যে বিজেপি সংগঠন ভিত্তিক দল আৰু এই কার্যালয় বিজেপিৰ সকলো কাম-কাজৰ কেন্দ্র৷

উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। তিনিওখন ৰাজ্যতে বিজেপি চৰকাৰৰ অংশ।

উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এন ডি এ চৰকাৰ চলি আছে আৰু ইয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *