অলপতে ওদালগুৰি জিলাৰ টংলাত হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ ওপৰত এখন কৰ্মশালাৰ আয়োজন কৰা হয় । অসমৰ বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ এই জিলাত হাতী-মানুহৰ সংঘাত দিনক দিনে বাঢ়ি আহিছে । তাৰ পৰিপ্ৰেক্ষিতত, অসমৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে বন বিভাগ আৰু জিলা প্ৰশাসনকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ সৈতে এই কৰ্মশালাৰ আয়োজন কৰিছিল।

কৰ্মশালাত বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধিসকলৰ সৈতে হাতী-মানুহৰ সংঘৰ্ষৰ হটস্পটৰ গাওঁৰ মুৰব্বীসকল উপস্থিত আছিল । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী আৰু প্ৰখ্যাত বন্যপ্ৰাণী সংৰক্ষক ড০ বিভূতি প্ৰসাদ লহকৰে ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘৰ্ষৰ প্ৰকৃতি বৰ্ণনা কৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন বৈজ্ঞানিক প্ৰশমন ব্যৱস্থাৰ কথা উল্লেখ কৰে । ড০ লহকৰে ওদালগুৰি জিলাত এই বাঢ়ি অহা সংঘাত ৰোধ কৰিবলৈ বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ধনশিৰি বন সংমণ্ডলৰ বিভাগীয় বন বিষয়া দিবাকৰ দাসে কয় যে হাতী-মানুহৰ সংঘৰ্ষৰ মূল কাৰণ হৈছে হাতীৰ বাসস্থানৰ অৱক্ষয় । ইয়াৰ ফলত হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ ওচৰৰ গাওঁবোৰত প্ৰৱেশ কৰে যাৰ ফলত এই সংঘাত হয় । এই অপ্ৰাকৃতিক সংঘাতৰ বাবে স্থানীয় মানুহে জীৱন আৰু সম্পত্তি হেৰুৱাইছে আৰু আমি হাতীও হেৰুৱাই আছো । তেওঁ কয় যে হাতীয়ে বনাঞ্চলৰ পুনৰুত্থান আৰু সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । ক্ষতিগ্ৰস্ত গাওঁবাসীসকলৰ বাবে তেওঁ চৰকাৰী ক্ষতিপূৰণ প্ৰক্ৰিয়াৰ ব্যাপকভাৱে বৰ্ণনা কৰে । হৰিচিঙ্গাৰ চক্ৰ বিষয়া মনীষা নাথে এই সংঘৰ্ষ নিয়ন্ত্ৰণ আৰু হাতী-মানুহৰ সহাবস্থাৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয়ৰ গুৰুত্বৰ বিষয়ে চমুকৈ উল্লেখ কৰে।

কৰ্মশালাখন আয়োজন কৰিবলৈ আৰণ্যকৰ জ্যেষ্ঠ বন্যপ্ৰাণী জীৱবিজ্ঞানী ড০ আললিকা সিনহা আৰু বন্যপ্ৰাণী সংৰক্ষক অঞ্জন বৰুৱাই নেতৃত্ব লয় । আৰণ্যকৰ বিষয়া ৰাবিয়া দৈমাৰী আৰু দিবাকাৰ নায়কে হাতী-মানুহৰ সহাবস্থান বাবে প্ৰশমন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গাওঁৰ মুৰব্বী আৰু চৰকাৰী বিভাগৰ প্ৰতিনিধিসকলৰ পৰা মূল্যৱান পৰামৰ্শ সংগ্ৰহ কৰে ।