পৰকীয়া প্ৰেমৰ আন এক ভয়ংকৰ পৰিণতি। প্ৰেমিকৰ সৈতে এক হ’বলৈ এগৰাকী মহিলাই শেষ কৰিলে স্বামীৰ জীৱন। চোকা অস্ত্ৰৰে জুদান মাহাতো নামৰ লোকজনক হত্যা। প্ৰেমিকৰ সৈতে মহিলাগৰাকীয়ে নিজ স্বামীক হত্যা কৰি পুতি থৈছিল মৃতদেহ। হত্যাৰ প্ৰমাণ নাশ কৰিবলৈ মৃতদেহত ঢালিছিল নিমখ। বিগত মাহত পশ্চিমবংগৰ পুৰুলিয়া চহৰত সংঘটিত হোৱা ঘটনা এয়া। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ঘটনা।