টকাৰ বৰষুণ হোৱা এখন গাঁও

হিমাচলৰ টকাৰ বৰষুণ হোৱা এখন গাঁও। গাওঁ খনৰ প্ৰতিজন লোকেই কোটিপতি। উল্লেখযোগ্য যে ছিমলাৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছিয়া মহাদেশৰ আটাইতকৈ ধনী গাঁও হিচাপে স্বীকৃত মাদাভাগ গাঁও। গাওঁখনৰ লোকৰ জীৱনশৈলী কথা জানিলে আপুনিও হয়তো আচৰিত হ’ব। কাৰণ গাঁওখনৰ বাসিন্দাসকলৰ জীৱিকা অকল খেতি।
উল্লেখযোগ্য যে ২৩০টা পৰিয়াল থকা গাঁওখনৰ সৌভাগ্য কঢ়িয়াই আনিছে উদ্যান শস্যৰ খেতিৰে। গাওঁখনৰ বাসিন্দাসকলে বছৰি ১৭৫ কোটি টকাৰ আপেল বিক্ৰী কৰে। গতিকে গাঁওখনৰ প্ৰতিজন কৃষক কোটিপতি। এই কাৰণেই এই গাঁওখন এতিয়া এছিয়াৰ আটাইতকৈ ধনী গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *