অভিনেত্ৰী ৰবীনা টেণ্ডনক এইবছৰৰ ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিব বেলতলা ব’হাগী উৎসৱ সমিতিয়ে…

মহানগৰীৰ বেলতলা ব’হাগী উৎসৱ ২০২৩ উদযাপনৰ সময়ত বলিউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ব এই বছৰৰ ড০ ভূপেন হাজৰিকা বঁটা।

শনিবাৰে এক সংবাদমেলৰ সময়ত এই কথা সদৰী কৰে বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিখনৰ বিষয়ববীয়াসকলে।

‘আমি এইবাৰৰ ভূপেন হাজৰিকাৰ বঁটা ভূপেন হাজৰিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি আমি অত্যন্ত আনন্দিত হৈছো। সূচী অনুসৰি উদযাপনৰ অন্তিম দিনা অৰ্থাৎ ২২ এপ্ৰিলত আমি অভিনেত্ৰীগৰাকীক বঁটা প্ৰদান কৰিম।’-সমিতিখনৰ সভাপতি নাৰায়ণ ডেকাই এইদৰে কয়।

ভূপেন হাজৰিকাৰ লগত ৰবীনা টেণ্ডনৰ ওতঃপ্ৰোত সম্পৰ্ক আছিল। ২০০১ চনত কল্পনা লাজমীৰ ছবি দমনত নায়িকাৰ চৰিত্ৰত অভিনয় কৰা ৰবীনাই দুৰ্গা শইকীয়াৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছিল। ভূপেন হাজৰিকাই ছবিখনৰ সংগীত ৰচনা কৰিছিল।

এই বঁটাত নগদ দুই লাখ টকা, এখন স্মৃতিগ্ৰন্থ, প্ৰশস্তিপত্ৰ আৰু এখন চাদৰ প্ৰদান কৰা হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *