বিজনীৰ বিষ্ণুপুৰত কেঁকোসাপ সহ এজনক আটক এছ এছ বিৰ

বিজনীৰ বিষ্ণুপুৰত কেঁকোসাপ সহ এজনক আটক এছ এছ বিৰ ।চিৰাং জিলাৰ বিজনীৰ ১ নং‌ বিষ্ণুপুৰত এছ এছ বিৰ অভিযানত কেকোসাপসহ এজনক আটক কৰে এছ এছ বি ।
১৫ নং বেটেলিয়ান SSB , বিষ্ণুপুৰ বিওপিৰ এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰি সক্ষম হয় কেকোসাপ সহ এজন সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীৰ নাম তাপস ৰায় । বিজনীৰ ২ নং ছাতিয়ানগুৰীৰ নিবাসী তাপস ৰায়। ধৃত সৰবৰাহকাৰীৰ পৰা এটা কেকোসাপ উদ্ধাৰ কৰাৰ লগতে এটা ৰিয়েলমি মবাইল জব্দ কৰে এছ এছ বিয়ে ।পিছত জব্দকৃত সামগ্ৰী আৰু কেকোসাপসহ আটকাধীন লোকজনক কুকলুঙ ফৰেষ্ট ৰেঞ্জ কাৰ্য্যলয়ত সমজাই দিয়ে এছ এছ বিয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *