ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। জোৰশিমুলী আৰক্ষীৰ অভিযান ড্ৰাগছ সহ হাতে-লোটে আটক হয় দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন হল ছয়গাঁৱৰ গৰৈমাৰীৰ মহিমাৰী গাঁৱৰ লালচান আলী আৰু আমিনুল ইছলাম বুলি জানিব পৰা গৈছে। এই কুখ্যাত ড্ৰাগচ ব্যৱসায়ী দুজনে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি নিৰ্ভীঘ্নে চলাই আহিছিল ড্ৰাগছৰ মুকলি ব্যৱসায়ী। ধাৰাবাহিক ভাৱে ড্ৰাগছৰ বিৰুদ্ধে জোৰশিমুলি আৰক্ষীয়ে অভিযান চলাই থকা অৱস্থাতে আজি মহিমাৰীৰ পৰা জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ দাসৰ নেতৃত্বত এই ড্ৰাগছ বিৰোধী সফল অভিযান চলাই আটকাধীন লালচান আলী আৰু আমিনুল ইছলামৰ পৰা ৭টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ আৰু২৫ খালি কন্টেনাৰ সহ নগদ ২৩হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দুজনক জোৰশিমুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *