বুধবাৰে নিৰ্বাচন আয়োগে মেঘালয়, পঞ্জাৱ, ওড়িশা, উত্তৰ প্ৰদেশকে ধৰি সংসদীয় আৰু বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে।
পঞ্জাৱৰ জলন্ধৰ সংসদীয় সমষ্টি আৰু ওড়িশাৰ ঝাৰছুগুডাৰ বিধানসভা সমষ্টিৰ বাবে হ’ব উপ-নিৰ্বাচন।
আনহাতে উত্তৰ প্ৰদেশৰ ছানবে আৰু ছুৱাৰ; আৰু মেঘালয়ৰ ছ’হিয়ঙত ১০ মে’ত অনুষ্ঠিত হ’ব বুলি আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জনায়।
একেটাৰ বাবেই ১৩ মে’ত ফলাফল ঘোষণা কৰা হ’ব বুলিও তেওঁ আৰু কয়।
উল্লেখযোগ্য যে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু গণনাৰ তাৰিখ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ তাৰিখৰ সৈতে মিল আছে।
ইয়াৰ পূৰ্বে আজি ইচিয়ে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন ১০ মে’ নিৰ্ধাৰণ কৰে।
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভাগ কৰা পৰিসংখ্যা অনুসৰি মুঠ ৫.২১ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।
কুমাৰৰ মতে সমগ্ৰ ৰাজ্যত প্ৰায় ৫৮ হাজাৰ ভোটিং বুথ স্থাপন কৰা হ’ব।