কুনো ৰাষ্ট্ৰীয় উদ্যানত আনন্দৰ জোৱাৰ! নামিবিয়াৰ পৰা অনা মাইকী চিতাই জন্ম দিলে ৪টা পোৱালি…

ডিজিটেল ডেস্কঃ তিনিদিন পূৰ্বে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা এটা মাইকী চিতাৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে উদ্যানখনত।

কিন্তু এই শোকৰ মাজতে এইবাৰ আহিল এটা ভাল খবৰ। নামিবিয়াৰ এটা মাইকী চিতাই চাৰিটা পোৱালি জন্ম দিলে উদ্যানখনত। কেন্দ্ৰীয় মন্ত্ৰী ভূপিন্দৰ যাদৱে বুধবাৰে টুইটযোগে এই ভাল খবৰ প্ৰদান কৰিছে।

বন বিভাগৰ সূত্ৰ অনুসৰি কেইবাদিনো ধৰি বনকৰ্মী সকলে গৰ্ভৱতী চিতাজনীৰ বিশেষ যত্ন লৈ আছিল। অৱশেষত আজিৰ দিনটোতে চাৰিটা পোৱালি জন্ম দিয়ে। মাক আৰু পোৱালিবোৰ সুস্থ হৈ আছে।

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়, ‘অভিনন্দন! অমৃত কাল (স্বাধীনতাৰ অমৃত উৎসৱ)ৰ সময় আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতলৈ অনা চিতা এটাই চাৰিটা পোৱালি জন্ম দিয়ে।”

তিনিদিন পূৰ্বে মৃত্যু হৈছিল মাইকী চিতা শশাৰ। যোৱা বছৰ ২২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত নামিবিয়াৰ পৰা ৮টা চিতা অনা হৈছিল। ইয়াৰে এজনী আছিল মাইকী চিতা শশা।

কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰ অনুসৰি শশা ভাৰতলৈ অহাৰ আগতেই বৃক্কৰ ৰোগত আক্ৰান্ত আছিল। ইয়াৰ বাবে বন বিভাগেও চিকিৎসা আৰম্ভ কৰে। অৱশ্যে শেষৰটো প্ৰতিৰক্ষা নহ’ল। কিন্তু চাৰিটা পোৱালি জন্ম হোৱাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনৰ বতৰ সলনি হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *